কামপুৰঃ আহি আছে গুণোৎসৱ৷ পিছে ৰাজ্যৰ সৰ্বত্ৰে এতিয়াও বানৰ হুংকাৰ৷ এফালে চৰকাৰী বিদ্যালয় সমূহত শৈক্ষিক মান উন্নত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে পাতি আছে গুণোৎসৱ, আৰু আনফালে এতিয়াও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বিদ্যালয় বুৰ গৈ আছে পানীৰ তলত৷ যাৰ ফলত বিদ্যালয় সমূহে গুণোৎসৱৰ বাবে প্ৰস্তুতি চলাব পৰা নাই৷
বিদ্যালয়ৰ ভিতৰত পানী হোৱা বাবে বন্ধ ৰাখিব লগা হৈছে পাঠদান প্ৰক্ৰিয়া৷ কেনেকৈ পতা হ’ব গুণোৎসৱ৷ তাকে লৈ এতিয়া বিদ্যালয়ৰ শিক্ষকৰ হাহাকাৰ পৰিস্থিতি৷ এফালে বানৰ তাণ্ডৱ আনফালে শিক্ষা বিভাগৰ গুণোৎসৱৰ প্ৰস্তুতি। আৰু কেইটামান দিনৰ পাছতেই নগাঁও জিলাৰ বিদ্যালয় সমূহত অনুষ্ঠিত হ’ব গুণোৎসৱ।