লালুকঃ লখিমপুৰ জিলাৰ লালুকত এখন ব্যক্তিগতখণ্ডৰ জাতীয় বিদ্যালয় প্ৰশাসনে উচ্ছেদ কৰাক লৈ বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুকত অৱস্থিত এই জাতীয় বিদ্যালয়খন চৰকাৰী ভূমিত থকাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ বাবে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিত শিক্ষাবৰ্ষটোত বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ আহ্বান জনায় এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াই স্মাৰক পত্ৰখন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷