মঙলদৈঃ আজি ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস। আজিও যেন শিক্ষকসকল পদে পদে সমস্যাৰে জৰ্জৰিত। কোনো চৰাঞ্চল নহয়, বৰঞ্চ মঙলদৈ চহৰৰ সমীপবৰ্ত্তী ৯ নং ওৱাৰ্ডত আছে এখন বিশেষ বিদ্যালয়। যিখন বিদ্যালয় বছৰেকৰ ছমাহেই থাকে পানীৰ তলত।
৯ নং ওৱাৰ্ডৰ ৰাজাপামত ১৯৬৯ চনতেই স্থাপন হৈছিল গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় খন। কিন্তু এই বিদ্যালয় খনত এতিয়া এক ভয়াবহ পৰিবেশে বিৰাজ কৰিছে। বিদ্যালয় খনৰ চাৰিওফালে এতিয়া পানী। এনেদৰে বছৰেকৰ ছমাহ পানীৰ তলতেই থাকে বিদ্যালয়খন। ফলত বিভিন্ন সমস্যাত পৰিৱ লগা হৈছে শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী সকল। চাৰিওফালে আছে দ দ খাৱৈ।