মোৰাঝাৰঃ অসমৰ শিক্ষা বিভাগে শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে হেজাৰ হেজাৰ শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ নামত বিভিন্ন আঁচনিৰ কোটি কোটি টকা ব্যয় কৰিছে৷ কিন্তু ইয়াৰ পাছতো হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ডবকাৰ পাৰ্শ্বৱৰ্তী ডবকা-গণিপুৰ পথাৰৰ কাষতে থকা নমাটি প্ৰাথমিক বিদ্যালয় খনৰ দুৰাৱস্থাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে৷
যোগীজান প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা নমাটি প্ৰাথমিক বিদ্যালয়খন ১৯৮৫ চনতে স্থাপন কৰা হৈছিল। ছয়টা শ্ৰেণীৰ পাঠদান হোৱা বিদ্যালয় খনত ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষা বিভাগে নিযুক্তি দি ৰাখিছে দুজন শিক্ষকক। যাৰ ফলত এজন শিক্ষকৰ অনুপস্থিতিত আন এজন শিক্ষকে অকলে পাঠ দান কৰোৱাটো অসম্ভৱ হৈ পৰে৷