গৰৈমাৰিঃ ৰাজ্যখনৰ সৰ্ব দিশৰ উন্নয়ণৰ প্ৰতিশ্ৰতি দি মিত্ৰ জোঁটৰ চৰকাৰে ৰাজ্যৰ জনসাধৰণৰ পৰা ভোট লৈ শাসন ভাৰ দখল কৰিছিল অগপ, বিজেপি আৰু বিপিএপে৷ ৰাজ্যৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, সীমান্ত সুৰক্ষাৰ দোহাই গাডী দখল কৰা চৰকাৰখনে চৰকাৰ গঠন কৰাৰ ২ বছৰ পাৰ হ’ল যদিও আজিলৈ উন্নয়ণত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

বিশেষকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ দুখলগা ছবিখনে সচেতন নাগৰিকক চিন্তিত কৰি তোলে৷ শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনেবোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷

কিন্তু এনেবোৰ আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপযুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ আঁচনিয়ে ঢুকি নোপোৱা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় হৈছে দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষা খণ্ডৰ অধীনস্থ গৰৈমাৰীৰ ভাউৰীয়াভিঠা চৰকাৰী প্ৰাথমিক বিদ্যালয়। ২০১৩ চনতে ভাউৰীয়া ভিঠা প্ৰাথমিক বিদ্যালয়খন চৰকাৰীকৰণ হৈছে যদিও আজিলৈকে বিদ্যালয়খনৰ আন্তগাঁথনি নিৰ্মাণক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰাকৰৰ শিক্ষা বিভাগে৷ 

প্ৰায় ডেৰশতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰা বিদ্যালয়খনত এটা পকী ঘৰ নথকাত বেৰ নহোৱা এটি ঘৰতে মাটিত বহি শিক্ষা লাভ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকলে৷ ইফালে শিক্ষা বিভাগে নিৰ্মাণ কৰি দিয়া প্ৰসাৱগাৰটো শিক্ষকে কাৰ্যালয়লৈ ৰুপান্তৰিত কৰাৰ লগতে বৰষুণ আহিলে ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লগা হয় ৰান্ধনীঘৰত৷ 

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সৰ্বত্ৰে শিক্ষাখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজালেও ইফালে ভাউৰীয়াভিঠা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ আম্তগাঁথনি আৰু শিক্ষা ব্যৱস্থাই স্থানীয় ৰাইজ তথা অভিভাৱকসকলক বিতুষ্ট কৰি তুলিছে৷

ভাউৰীয়াভিঠা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষালাভ কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত বিদ্যালয়খনত অতি সোনকালে পকীঘৰ আৰু পৰ্যাপ্ত সুবিধাসমূহ যোগান ধৰিবলৈ ৰাইজে শিক্ষা বিভাগক দাবী জনাইছে৷