আজাৰাঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আটক ধুনীয়া গৃহৰ বিপৰীতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ আজিও এখন দুখ লগা ছবি দেখা যায়৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ভাল ফলাফলৰ বাবে চৰকাৰী বিদ্যালয়ক বিভিন্ন লোকে সমালোচনা কৰা দেখা যায়৷
এশ এবুৰি সমস্যাৰে ককবকাই থকা বিদ্যালয় সমুহৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকে শৈক্ষিক পৰিবেশ বৰ্ত্তাই ৰাখে বহু কষ্টৰে৷ ইয়াৰ মাজতে কৃত্ৰিম বানৰ কৱলত পৰিছে পলাশবাৰী সমষ্টিৰ বিজয়নগৰস্থিত ঐতিহ্যমণ্ডিত উপৰহালী উচ্চতম মাধ্যমিক বিদ্যালয়৷ কৃত্ৰিম বানৰ কৱলত পৰি বিদ্যালয়খনৰ পাঠদান বন্ধ ৰাখিব লগা পৰিবেশৰ সৃষ্টি হৈছে৷