ডিফুঃ ৰাজ্য চৰকাৰে শৈক্ষিক খণ্ডত ব্যাপক পৰিৱৰ্তনৰ স্বাৰ্থত ৰাজ্য জুৰি আৰম্ভ কৰা গুণোৎসৱৰ প্ৰতি সঁহাৰি জনাই পূৰ্ণ প্ৰস্তুতি চলাইছে ডিফু চহৰৰ চৰকাৰী বিদ্যালয় চন্দ্ৰ চিং টেৰণ হাইস্কুলে৷ অহা ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে হ’বলগীয়া গুণোৎসৱৰ পূৰ্বে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰি তুলিবলৈ ২৯ আৰু ৩০ জুলাইত অভিভাৱক আৰু শিক্ষকৰ দুখনকৈ সজাগতা সভা অনুষ্ঠিত হৈ যায়৷
আজি বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকৰ সঞ্চলনাতপুনৰ এখন সভাখনত অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে সহকাৰী জ্যেষ্ঠ শিক্ষক নিত্যানন্দ বৰাই৷ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলৰ মাজত সজাগতা সভা অনুষ্ঠিত হোৱাৰ বিপৰিতে আজি ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ অভিভাৱক সকলৰ মাজত অনুষ্ঠিত হয় সজাগতা সভা৷