নগাঁওঃ ৰাজ্যৰ শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰি তোলাৰ অৰ্থে শিক্ষা বিভাগে সময়ে সময়ে নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ বিপৰীতে শেহতীয়াভাৱে গুণোৎসৱৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে নগাঁও জিলাৰ এখন বিদ্যালয় এটা শ্ৰেণী নোহোৱাকৈ চলি থকাৰ তথ্য পোহৰলৈ আহিছে৷
প্ৰাপ্ত খবৰ মতে,জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়া অঞ্চলত আছে আশ্চৰ্যকৰ এই বিদ্যালয়খন৷ খাগৰিজান প্ৰাথমিক শিক্ষা খণ্ডই সামৰি লোৱা এই বিদ্যালয়খন হৈছে কৰচুং সত্ৰ প্ৰাথমিক বিদ্যালয় ৷ মুঠ ছয়টা শ্ৰেণী সন্নিবিষ্ট হৈ থকা এই বিদ্যালয়খনত ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী আছে মাত্ৰ ১২-১৫ গৰাকীহে৷