লংকাঃ সংখ্যালঘু দৰদী ৰাজনৈতিক দল, মন্ত্ৰী-বিধায়ক ৰাজ্যত বহু আছে। তেওঁলোকে সংখ্যালঘুৰ উন্নয়নৰ বাবে নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কয় যদিও মন্ত্ৰী-বিধায়ক হোৱাৰ পাছত সংখ্যালঘুক বুঢ়া আঙুলি দেখুৱায়। সংখ্যালঘুৰ বাবে মিছাতে ঘৰিয়ালৰ চকুপানী মচি সংখ্যালঘু এলেকাত এটুপি বিশুদ্ধ খোৱাপানীও যোগান ধৰিবলৈ সক্ষম নহয় তেওঁলোকে৷
এনে অঞ্চলসমূহত স্বাস্থ্য, শিক্ষা, যাতায়াত, কৃষি খণ্ডৰ উন্নয়নো সূদুৰ পৰাহত৷ সংখ্যালঘুৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা খৰছ কৰে যদিও সেই টকাৰে উন্নয়নৰ নামত কেইজন মান লোক ধনী হয়৷ তাৰ মাজতে সংখ্যালঘু এলেকাৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰ তথা সংখ্যা লঘু দৰদী ৰাজনৈতিক দল, মন্ত্ৰী-বিধায়কৰ স্বৰূপ৷ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বৰষুণ দিলে শ্ৰেণী কোঠা এৰি ঘৰলৈ লৰ দিব লগা হয়৷