খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২৫ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ শুকুৰবাৰে অনুষ্ঠিত হয়৷ পশ্চিম কাৰ্বি আংলং ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অধিনৰ জিলা আয়োজক সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৰোহত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি থকা আগ্ৰহ তথা প্ৰতিভাৰ বিকাশ কৰা দেখা যায়৷ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান প্ৰদৰ্শনীৰ অন্তত খেৰণিস্থিত খেৰণি বালিকা উচ্চতম মাধ্যমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সভাপতি অতুল শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম কাৰ্বি আংলং জিলা সম্বনয়ক বিৰেণ ডেকাই৷ বৃহত্তৰ খেৰণি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰকাৰৰ বিজ্ঞানভিত্তিক প্ৰকল্প উপস্থাপন কৰা সমাৰোহত বিছাৰক হিচাপে উপস্থিত থাকে যাদৱ নাথ, সুনীল বুঢ়াগোহাই, গোলাপ দাস, নৱ কুমাৰ ভৰালীয়ে৷ আনহাতে কনক দেউৰী আৰু মোহন ইংতিয়েও সমাৰোহখনক সফল্যমণ্ডিত কৰাত সহায়-সহযোগ আগবঢ়ায় ৷

সমাৰোহত কেইবাখনো বিদ্যালয়ৰ পৰা অহা মুঠ ৮২ গৰাকী ছাত্ৰ-ছাত্ৰী তথা প্ৰতিযোগিয়ে প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে বিষয়বস্তু "বিজ্ঞান আৰু প্ৰযুক্তিৰ বহনক্ষম ব্যৱস্থাপনা" লগত সংগতি ৰাখি বিভিন্ন প্ৰণালী আৰু পৰীক্ষামুলক পদ্ধতিৰে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক প্ৰকল্পসমুহ উপস্থাপন কৰে৷

প্ৰকল্প উপস্থাপন প্ৰতিযোগিতাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীক অহা ২৫ অক্টোৱৰত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত যোগদান কৰাৰ লগতে প্ৰকল্প উপস্থাপন কৰাৰ সুবিধা লাভ কৰিব৷ ইপিনে সমাৰোহত ছাত্ৰ ছাত্ৰীসকলে ৰাইজৰ দৃষ্টি আকৰ্ষন আৰু শলাগ অৰ্জন কৰিবলৈ সক্ষম হোৱাকৈ কাঠ-গজালেৰে নিৰ্মিত কৰা ধান-মৰণা দিয়াৰ এক অভিনৱ প্ৰকল্প উপস্থাপন কৰে৷ চাঁকিৰ শলিতাই কেৰাচিন শোষন আৰু ইয়াৰ পৰা উৎপন্ন হোৱা প্ৰদূষণ অধ্যয়ণৰ প্ৰকল্প প্ৰস্তুত কৰি উপস্থাপন কৰাৰ লগতে বৈদ্যুতিক বাল্বৰ সহায়ত চিত্ৰ আৰু আখৰৰ গতিশীল প্ৰতিফলন আদিও পৰীক্ষামুলক পকল্প উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷