বেংগালুৰুঃ সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তিয়ে সমাজক এক নতুন দিশলৈ গতি কৰাত সহায় কৰিছে৷ বিজ্ঞানে মানুহৰ চিন্তাশীল, সৃষ্টিশীল মনক জাগ্ৰত কৰি এক নতুন পদক্ষেপৰ বাবে সাজু হ’বলৈ শিকায়৷ থিক তেনে গতিৰে আগ বাঢ়ি গৈ বিশ্ব দৰবাৰত উজলি উঠিল ভাৰতৰ এজন কিশোৰ। নাম সময় গোদিকা। কৰামংগলৰ নেচনেল পাব্লিক স্কুলৰ ছাত্ৰ ১৬ বছৰীয়া সময়ে এই সন্মান লাভ কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে।
সময়ে আমেৰিকাত অনুষ্ঠিত হোৱা ব্ৰেকথ্ৰ’ নামৰ বিশ্ব বিজ্ঞান ভিডিঅ’ প্ৰতিযোগিতাত শীৰ্ষক স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে এই বিজ্ঞান ভিডিঅ’ প্ৰতিযোগিতাত তেওঁ জীৱন বিজ্ঞান শাখাৰ ‘চাৰ্কাডিয়ান ৰিডিম’ অৰ্থাৎ মানুহৰ জীৱনৰ প্ৰতিদিনত চক্ৰ হিচাপে সলনি হোৱা শাৰীৰিক, মানসিক আৰু স্বভাৱগত পৰিৱৰ্তনসমূহ দেখুৱা হৈছে।