খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ শিক্ষাৰ হাৰ বৃদ্ধি, মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে বিভিন্ন আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ অন্যান্য স্থানৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামতো দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীলৈ বিনামূলীয়া চাইকেল প্ৰদান কৰে শিক্ষা বিভাগে।
ডংকামোকামস্থিত ডংকামোকাম হাই স্কুলত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য মংগলছিং তিমুং, বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত বিনামূলীয়া চাইকেল বিতৰণ কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷