তেজপুৰ টাউনঃ জুবিন গাৰ্গৰ বহুচৰ্চিত অসমীয়া বোলছবি মিছন চাইনা শুকুৰবাৰে সমগ্ৰ আসমৰ ছবিগৃহ সমূহত মুক্তি লাভ কৰাৰ পাছতেই দৰ্শকৰ লানি নিচিগা সোত বৈছে ছবিগৃহলৈ৷ মুক্তিৰ আগতেই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা প্ৰথমখন বিগ বাজেটৰ অসমীয়া চিনেমা মিছন চাইনা৷ শুকুৰবাৰে মুক্তিলাভ কৰাৰ পাছতেই বোলছবিখনে অভিলেখ সংখ্যক দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে, অসমৰ প্ৰায়বোৰ ছবিগৃহতে ছবিখনৰ তিনিদিনৰ টিকত আগতীয়া বুকিং হৈ থাকি অসমীয়া চিনেমা জগতৰ ইতিহাস ৰচনা কৰিছে জুবিন গাৰ্গৰ মিছন চাইনাই৷ প্ৰথম দিনৰ সাফল্যমণ্চিত মুক্তিৰ পাছত আজি দ্বিতীয় দিনাও ছবিগৃহ মসূহৰ সন্মুখত দেখা পোনা গৈছে দৰ্শকৰ একেই উছাহ৷