newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে দক্ষিণ কাশ্মীৰত সেনাৰ অভিযান কালত এগৰাকী সন্ত্ৰাসবাদীৰ মুৰব্বী নিহত হয়৷ ইছলামিক ষ্টেট অৱ জম্মু এণ্ড কাশ্মীৰৰ প্ৰধান দাউড আহমেদ চালাফিৰ মৃত্যু হয়৷ পিডিপি-বিজেপি চৰকাৰৰ পতনৰ পিছতে সেনাই বৃহৎ সফলতা লাভ কৰে৷ চৰকাৰ ভংগৰ পিছত এয়া আছিল প্ৰথমটো বৃহৎ অভিযান৷  

নিৰাপত্তাৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ নৌচেৰা নামৰ গাঁৱত সন্ত্ৰাসবাদীৰ দল থিতাপি লৈ থকা বুলি পোৱা খবৰৰ ভিত্তিত চলোৱা অভিযানত প্ৰথমে সংঘৰ্ষ হয় তাৰ পিছত ইছলামিক ষ্টেট অৱ জম্মু এণ্ড কাশ্মীৰৰ প্ৰধান দাউড আহমেদ চালাফিৰ মৃতদেহ উদ্ধাৰ কৰে৷ আনহাতে নিৰপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ হিটলিষ্ট প্ৰকাশ কৰিছে৷ তালিকাত ২১ জনৰ নাম আছে আৰু ইয়াৰে ১১ জন হিজবুল মোজাহিদ্দিনৰ, ৭ জন লস্কৰ-ই-তৈবাৰ, ২ জন জইছ-ই-মহম্মদৰ আৰু ১ জন আমচাৰ গাজাউল-হিন্দৰ বুলি জানিব পৰা গৈছে৷ আনহাতে ৬জনক ‘A++’ হিচাপে চিহ্নিত কৰে৷