গুৱাহাটীঃ ৰাজ্যৰ এখন চাহ বাগিচাৰ শ শ শ্ৰমিকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ গোচৰ সৰু সুৰা নহয়৷ খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰা হৈছে৷ মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’ল৷
শ্ৰমিকসকলে ক’বলৈ বাধ্য হৈছে, ন্যায় দিয়াৰ পৰিৱৰ্তে আমাক দেশদ্ৰোহী সজাব বিছাৰিছে প্ৰশাসনে৷ আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে বুলি স্বাধীনতা দিৱসত প্ৰতিবাদ কৰা শ্ৰমিক সকলৰ কথা আজিলৈ কোনেও নুশুনিলে৷ কিন্তু তাৰ বিপৰীতে গোচৰ ৰুজু কৰি দমন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে৷