কোকৰাঝাৰঃ দিল্লী টুডে নিউজ ডট কম নামৰ ৱেব মিডিয়াৰ স্বয়ম্ভু এডিটৰ ইন চীফ বুলি পৰিচয় দি গুৱাহাটীৰ ৰাজগড় বিহুতলী, পূব শৰণীয়াৰ নিৱাসী সদানন্দ শৰ্মা মেধিৰ কন্যা ৰীচা শৰ্মাই অাজি বাতৰিৰ নামত কোকৰাঝাৰৰ বালাজান তিনালীত ধন সংগ্ৰহ কৰি থাকোতে স্থানীয় ৰাইজে অাটক কৰি অাৰক্ষীৰ হাতত গতাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বয়ম্ভু সাংবাদিকৰ এনে দৌৰাত্ম্যৰ খবৰ বিয়পি পৰাৰ লগে লগেই স্থানীয় সাংবাদিকসকল ঘটনাস্থলীত উপস্থিত হৈ চৰমজিন তদন্ত কৰি মহিলা সাংবাদিকগৰাকীক কৰ্কথনা কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি কোকৰাঝাৰ উন্নয়ন খণ্ডৰ কেবাটাও ভিচিডিচিৰ অধ্যক্ষসকলৰ নাম অাৰু ফোন নম্বৰসমূহ স্বয়ম্ভু সাংবাদিক ৰীচা শৰ্মাই কৌশলেৰে সংগ্ৰহ কৰি এফালৰ পৰা অধ্যক্ষসকলক ফোন কৰি উন্নয়নমূলক কাম-কাজৰ চৰমজিন তদন্তৰ বাবে কোকৰাঝাৰ ভ্ৰমণ কৰিব বুলি অধ্যক্ষসকলক অৱগত কৰে।