চৰাইদেউঃ অসমৰ নাৰীয়ে এতিয়া নিজৰ সুৰক্ষা নিজেই কৰিব৷ নাৰীয়ে আত্মৰক্ষাৰ বাবে ওলাই আহিছে প্ৰশিক্ষণ ল’বলৈ৷ নাৰীয়ে আৰু সহ্য নকৰে একাংশ পুৰুষৰ অত্যাচাৰ৷ তেনে পুৰুষক ধৰাশায়ী কৰিবলৈ আত্মৰক্ষাৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিছে নাৰীয়ে৷
আজিৰ নাৰী চাৰি বেৰৰ মাজত সুমাই থকা নাই যদিও একাংশ পুৰুষে নাৰীক আজিও অত্যাচাৰ কৰি আহিছে৷ দেশৰ অন্য প্ৰান্তৰ কথা বাদেই, আমাৰ ৰাজ্যখনতে একাংশ দুঃচৰিত্ৰৰ পুৰুষৰ বাবে অসুৰক্ষিত হৈ পৰিছে নাৰী৷ গাৰ্হস্থ্য হিংসাৰ লগতে প্ৰতিনিয়ত ধৰ্ষণ, নিৰ্যাতন, যৌতুকজনিত অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আজিৰ নাৰী৷