ডিজিটেল ডেস্কঃ সুযোগ পালেই ফ্ৰণ্ট কেমেৰা অন কৰি বাটে-ঘাটে ছেলফি লোৱাটো যদি আপোনাৰ স্বভাৱ, তেন্তে এই স্বভাৱ এৰিবৰ হ’ল। কিয়নো এই স্বভাৱৰ বাবেই আপুনি ভৰিব লগা হ’ব পাৰে জৰিমনা।

চেলফি তোলাসকলৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে আৰম্ভ কৰিছে এক বিশেষ অভিযান। যিকোনো ৰাজহুৱা স্থানত ছেলফি লোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে।

দৰাচলতে যুৱচামৰ মাজত সাধাৰণ ছেলফিতকৈ অলপ ব্যতিক্ৰমী ধৰণৰ ছেলফি তোলাৰ প্ৰৱণতাই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিততে এনেদৰে কঠোৰ পদক্ষেপ ল’ব লগা হৈছে আৰক্ষীয়ে।

ছেলফিৰ নামত বহুতে ৰাজপথ, ৰেলপথ, সাগৰৰ তীৰকে ধৰি অট্টালিকাৰ বিপজ্জনক স্থানত ইউনিক প’জ দিবলৈ গৈ নিজৰ লগতে আনৰো জীৱন বিপন্ন কৰাৰ বাবেই আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে দুঃসাহসিক ছেলফি উঠিবলৈ গৈ ভালেমান লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা প্ৰায়ে কাকতে-পত্ৰই পঢ়িবলৈ পোৱা যায়। তেনে ঘটনা উত্তৰ প্ৰদেশতো নহওক, তাৰ বাবেই ৰাজ্যখনত এনে ব্যৱস্থা গ্ৰহণ কৰা বুলি আৰক্ষী বিষয়া আশীষ শ্ৰীবাস্তৱে জানিবলৈ দিয়ে।