68
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ভয়ানক চেলফিখন লৈ অলপতে জেলৰ ভাত খোৱা ৰাছিয়ান মডেল ভিক্টৰিয়া অডিনকভাৰ কথা নিশ্চয় মনত আছে। দেশে-বিদেশে চেলফিৰ নামত এনেদৰে ভালেমান লোক মৃত্যুমুখত পৰাৰ বাতৰি প্ৰায়ে শুনিবলৈ পোৱা যায়।
এনেই এক চেলফি-মৃত্যুৰ ঘটনা ঘটিছে পুণেত। চেলফি কেমেৰাৰ ফ্ৰেমত নাহিব বুলিয়ে লৰা-ঢপৰা কৰি নাৱৰ ভাৰসাম্য হেৰুৱাই মৃত্যুক সাবতি লয় ৪ জন চিকিৎসকে৷ উক্ত শোকাৱহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুণে জিলাত৷