গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক আটকৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷
এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ লগতে ৰাজ্যৰ কেবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে অখিলক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এইবাৰ গৰজি উঠিল নাগৰিক সমাজ৷ মঙলবাৰে এক বিবৃতি যোগে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৃষক নেতা অখিল গগৈক আটক কৰা কাৰ্যক নাগৰিক সমাজে তীব্ৰ গৰিহণা দিয়ে৷ অখিলক পুনৰ আটক কৰা কাৰ্যক অসম চৰকাৰৰ ফেচিষ্ট মানসিকতা বুলি কয় নাগৰিক সমাজে৷