লিডুঃ ৰাজ্যৰ ৰাজপথত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ বহু মানুহৰ প্ৰাণ যায়৷ ৰাস্তা ঘাটৰ বেয়া অৱস্থাৰ লগতে একাংশ লোকে গাড়ী-মটৰৰ চলোৱা নিয়ম নজনাৰ ফলতেই এনে ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ মাজতে, মাৰ্ঘেৰিটা মহকুমাৰ লিডুতএকাংশ যুৱকৰ যান-বাহন চলোৱাৰ নুন্যতম জ্ঞান নথকাৰ বাবেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে সচেতন লোকে৷
পৰিবহন বিভাগ তথা স্থানীয় প্ৰশাসনৰ অৱহেলা আৰু দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এচাম উদণ্ড বাইক চালক তথা যুৱকে ৰাজপথত অনুজ্ঞাপত্ৰৰ অবিহনে তাণ্ডৱ চলোৱা পৰিলক্ষিত হয় যদিও আৰক্ষীয়ে কোনো ব্যস্থা নোলোৱাৰ অভিযোগ উত্থাপন হয়৷ বিশেষকৈ নিশা অঞ্চলটোত একাংশ যুৱকে মদৰ ৰাগিত মাতাল হৈ জধে মধে কোনো গুৰু গোসাই নামানি বাইক তথা চাৰি ছকিয়া বাহন চলােৱাৰ ফলত বিগত সময়ত কেইবাটাও শোকাৱহ পথ দুৰ্ঘটনাত কেইবাজনো নিৰিহ লোকৰ প্ৰাণ গৈছে৷