গুৱাহাটীঃ কাহিনী হৈ পৰিল এগৰাকী সুদক্ষ আই পি এছ বিষয়াৰ জীৱন যাত্ৰা। পত্নীক বিদায় জনোৱাৰ মাত্ৰ কেইমুহূৰ্তমান পিছতে নিজেও চৰম পথ বাছি লৈ মৃত্যুৰ কোলাত শুই পৰিল অসম চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াই। মঙলবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউ কক্ষত পত্নীৰ নিথৰ দেহৰ ওচৰত ৰৈ নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আইপিএছ বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, ২০০৯ বেচ্ছৰ আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ কেইবা বছৰ পূৰ্বেই পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ পিছত জীৱনৰ একমাত্ৰ সংগী হৈ পৰিছিল তেওঁৰ পত্নী আগমণি বৰবৰুৱা। সন্তানহীন দম্পতীটোৱে ইজনে আনজনৰ মাজতেই বিচাৰি পাইছিল জীয়াই থকাৰ আকাংক্ষা। দুয়োজনেই দুয়োৰে সুখ-দুখৰ সমভাগী হৈ সন্মুখলৈ আগবঢ়াৰ সময়তে তেওঁলোকৰ জীৱনলৈ নামি আহে এজাক কাল ধুমুহা। 

পত্নী আগমণি বৰবৰুৱা কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতে ক্ৰমান্বয়ে আইপিএছ শিলাদিত্য চেতিয়াৰ জীৱন হতাশাৰে ভৰি পৰে। ৰাজ্যৰ গৃহ সচিব হিচাপে কৰ্তব্য পালন কৰাৰ সমান্তৰালভাৱে তেওঁ পত্নীৰ সম্পূৰ্ণ যত্ন লৈ এগৰাকী আদৰ্শ স্বামী হিচাপেও অহৰহ কষ্ট কৰে। কিন্তু অলেখ প্ৰচেষ্টাৰ পিছতো পত্নীৰ স্বাস্থ্য উন্নত নোহোৱাত ভিতৰি ভিতৰি তীব্ৰ হতাশাৰ বলি হয় শিলাদিত্য চেতিয়া।

হাতীগাঁৱৰ নিৱাসী শিলাদিত্য চেতিয়াই তেওঁলোকৰ ঘৰৰ দুৱাৰত দীৰ্ঘ সময়ৰ বাবে তলা ওলোমাই প্ৰায় ৪ মাহ পূৰ্বে চিকিৎসাৰ বাবে পত্নীক ভৰ্তি কৰাইছিল মহানগৰীৰ নেমকেয়াৰ নামৰ ব্যক্তিগত নাৰ্চিং হোমখনত। তাৰ পিছত বিগত সময়খিনি হাস্পতালেই ঘৰ হৈ পৰে আই পি এছ বিষয়াগৰাকী আৰু তেওঁৰ অসুস্থ পত্নীৰ। 

পত্নীৰ চিকিৎসাৰ বাবে বিগত চাৰিমাহ বিধিগতভাৱে কৰ্তব্যৰ পৰা ছুটিত আছিল শিলাদিত্য চেতিয়া। হাস্পতালতেই তেওঁ প্ৰতি মুহূৰ্ত পাৰ কৰিছিল পত্নীৰ কাষত। আইপিএছ শিলাদিত্য চেতিয়াই অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে নলবাৰী, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে এগৰাকী দক্ষ আৰু নিষ্ঠাবান প্ৰশাসনিক বিষয়া হিচাপে খ্যাতি অৰ্জন কৰে শিলাদিত্য চেতিয়াই।

কিন্তু আই পি এছ বিষয়াগৰাকীয়ে জানিছিল যে তেওঁৰ পত্নীৰ বাবে এতিয়া জীৱন সহজ নহয়। তথাপিও বুকুৰ একোণত এটা ক্ষীণ আশা তেওঁ কঢ়িয়াই ফুৰিছিল জীৱনৰ সবাতোকৈ আপোন মানুহজনীক জীয়াই ৰখাৰ। কিন্তু মঙলবাৰে পুৱাৰ ভাগত হাস্পতাল কৰ্তৃপক্ষই তেওঁক সেই দুঃসংবাদটো প্ৰদান কৰাৰ পিছতে সেই দুঃসংবাদ আৱশ্যম্ভাৱী বুলি জানিও মূৰৰ ওপৰৰ আকাশখন হেৰুৱায় পেলায় আই পি এছ শিলাদিত্য চেতিয়াই।

পত্নীৰ অসুস্থতা অধিক জটিল হৈ পৰা বাবে কেইদিনমান পূৰ্বে নেমকেয়াৰৰ দ্বিতীয় মহলাৰ আই চি ইউ কক্ষত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে পুৱা তাতেই শেষ নিশ্বাস ত্যাগ কৰে মৰমৰ পত্নীয়ে। হাস্পতাল কৰ্তৃপক্ষই শিলাদিত্য চেতিয়াক সেই খবৰ প্ৰদান কৰাৰ পিছতে আই চি ইউত প্ৰৱেশ কৰি পত্নীৰ সৈতে অন্তিম কেইমুহূৰ্তমান অকলে পাৰ কৰাৰ ইচ্ছা ব্যক্ত কৰে চেতিয়াই। 

আইপিএছ বিষয়াগৰাকীৰ অনুৰোধমৰ্মে হাস্পতালৰ চিকিৎসক আৰু আন চিকিৎসাকৰ্মীসকলে কোঠাৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতে পত্নীৰ নশ্বৰ দেহৰ কাষত থিয় হৈ নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহনন কৰে ৰাজ্যৰ গৃহ সচিবগৰাকীয়েও। ইফালে আই চি ইউৰ পৰা গুলীৰ শব্দ শুনি চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে দৌৰি সেই স্থানত উপস্থিত হৈ বিষয়াগৰাকীৰ নিথৰ দেহ কোঠাৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

মাইক্ৰ’ব্লগিং ছাইট 'এক্স’ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে শোক প্ৰকাশ কৰি লিখিছে, 'দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি থকা পত্নীৰ মৃত্যুৰ কথা ঘোষণা কৰাৰ কেইমিনিটমান পিছতে আজি সন্ধিয়া অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব, ২০০৯ বেচ্ছৰ আইপিএছ শিলাদিত্য চেতিয়াই আত্মহত্যা কৰে। এয়া সঁচাকৈয়ে এক দুখজনক ঘটনা। এই ঘটনাত অসম আৰক্ষী পৰিয়ালৰ প্ৰতিগৰাকী সদস্য ব্যথিত হৈ পৰিছে।’

তুমি নাথাকিলে ময়ো নাথাকিম!

পত্নীৰ বিয়োগৰ বিষয়াদত জীয়াই থকাৰ ইচ্ছা হেৰুৱাই আত্মহত্যাৰ পথ বাছি লোৱা আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ খবৰে মৰ্মাহত কৰিছে সমগ্ৰ ৰাজ্যবাসীক। এই মৃত্যু কেৱল হতাশাৰ বাবেই নহয়, এয়া জীৱন সংগীৰ প্ৰতি জ্যেষ্ঠ প্ৰশাসনিক বিষয়াগৰাকীৰ অযুত ভালপোৱাৰ প্ৰমাণ বুলিও অনেকে এতিয়া মন্তব্য কৰিছে।

মহানগৰীৰ হাতীগাঁও অঞ্চলত ঘৰ আই পি এছ বিষয়াগৰাকীৰ। পিতৃ-মাতৃক হেৰুওৱাৰ পিছত পত্নীয়েই আছিল তেওঁৰ জীৱনৰ সৰ্বস্ব। নিজতকৈও অধিক ভালপোৱা পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছত যথাসম্ভৱ সকলো প্ৰচেষ্টাৰে তেওঁক সুস্থ কৰি তোলাৰ প্ৰয়াস কৰিছিল শিলাদিত্য চেতিয়াই। পত্নীৰ অসুস্থতা বাঢ়ি অহাত যাতে সকলো সময়তে তেওঁ পত্নীৰ কাষত থাকি সাহস দিব পাৰে, তাৰ বাবে কৰ্তব্যৰ পৰা ছুটী লৈ পত্নীৰ একানপটীয়াকৈ যত্ন লৈছিল চেতিয়াই।

কিন্তু দিনবোৰ পাৰ হোৱাৰ লগে লগে পত্নী যিমানেই অধিক অসুস্থ হৈ পৰিছিল, সিমানেই এখন উদং পৃথিৱীৰ কল্পনাই হয়তো ব্যতিব্যস্ত কৰিবলৈ আৰম্ভ কৰিছিল আই পি এছ বিষয়াগৰাকীকো। সবাতোকৈ ভালপোৱা মানুহজনী অবিহনে এখন পৃথিৱী তেওঁৰ বাবে কেনে হ’ব সেই কল্পনা হয়তো তেওঁ বহু দিনৰ আগৰ পৰাই কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু আজি পত্নীৰ বিয়োগৰ খবৰ তেওঁক চিকিৎসকে আহি বিষাদমনে দিয়াৰ লগে লগে হয়তো তেওঁ বুজি উঠিছিল যে তেওঁৰ ভালপোৱা নাৰীগৰাকীৰ অবিহনে এই জীৱনৰ কোনো অৰ্থ নাই। আৰু তাৰ বাবেই তেওঁ এনে চৰম সিদ্ধান্ত লোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে।

আধুনিকতাই নিসংগ কৰিছে মানুহক!

বহুতেই ক’ব খোজে, মানুহ যিমানেই আধুনিক হৈছে সিমানেই বাঢ়িবলৈ আৰম্ভ কৰিছে নিসংগতাৰ ভয়াবহতা। কেৰিয়াৰ, ধন-সম্পত্তি, সফলতাৰ গগন চুমাৰ অজুহাতে আধুনিক জীৱনত অনেক পিতৃ-মাতৃ আৰু সন্তানৰ মাজত ব্যৱধানৰ সৃষ্টি কৰিছে। ক্ৰমশঃ এই ব্যৱধানে নমাই আনে নিসংগতা। তেনে নিসংগতাৰ ভয়াবহতা সহন কৰিব নোৱাৰি অৱশেষত বহুতে হয় মৃত্যুৰ কোলাত শুই পৰে, নহয় অন্য কোনো নল’বলগীয়া সিদ্ধান্ত লৈ পেলায়।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত মহানগৰীৰ কালাপাহাৰ অঞ্চলত থকা নিজৰ অট্টালিকাত হাতে-ভৰি বান্ধি হত্যা কৰা হৈছিল এগৰাকী ষাঠি ঊৰ্ধ্বৰ মহিলাক। ডকাইটিৰ বাবে হত্যা কৰা অনু হাজৰিকা নামৰ এই বৃদ্ধা মহিলাগৰাকীৰ হত্যাৰ পিছতো মহানগৰীৰ চৰম একাকীত্বৰে পৰিপূৰ্ণ জীৱনৰ কথা চৰ্চালৈ আহিছিল। 

উল্লেখ্য যে, স্বামী আৰু পুত্ৰৰ কেইবাবছৰো পূৰ্বে ঘটা মৃত্যুৰ পিছত কালাপাহাৰৰ বহু মহলীয়া অট্টালিকাত এক সম্পূৰ্ণ অকলশৰীয়া জীৱন পাৰ কৰিছিল অনু হাজৰিকা নামৰ বৃদ্ধাগৰাকীয়ে। তেওঁৰ এই চৰম নিসংগতা দূৰ কৰিবলৈ ঘৰলৈ অহা কেয়াৰ টেকাৰজনেই তেওঁৰ নিসংগতাৰ সুযোগ লৈ কেইটামান টকাৰ লোভত নিৰ্মমভাৱে হত্যা কৰে। 

সেই হত্যাকাণ্ডৰ পিছত এক প্ৰসংগত ৰাজ্যৰ প্ৰবীণ বুদ্ধিজীৱী ড০ হীৰেণ গোঁহাইয়ে কৈছিল, ''মহানগৰীত বৰ বৰ অট্টালিকা গঢ় লৈ উঠিছে, কিন্তু সেই অট্টালিকাবোৰ বাহিৰৰ পৰাহে দেখিবলৈ বিলাসী, ভিতৰখন সম্পূৰ্ণ ফোঁপোলা। তেনে ডাঙৰ ডাঙৰ ঘৰবোৰৰ ভিতৰত বাস কৰা অধিকাংশ মানুহে একাকীত্বৰ তীব্ৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়।’’

সুখৰ দিনত পত্নীৰ সৈতে শিলাদিত্য চেতিয়া, ফটোঃ ফেচবুক

শেহতীয়াকৈ পত্নীৰ বিয়োগত মৰ্মাহত হৈ আত্মহনন কৰা আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ খবৰৰ পিছতো অনেকে আধুনিক সময়ৰ অসহায় নিংসগতাৰ কথা দোহাৰিছে। জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে তেওঁৰ এক ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ''শিলাদিত্য চেতিয়াৰ কাহিনী আচলতে আজিৰ নিসংগ অসহায় আধুনিক মানুহৰ কাহিনী। কিন্তু ই দুগৰাকী স্বামী-স্ত্ৰীৰ প্ৰেম আৰু বন্ধনৰো দুৰ্লভ নিদৰ্শন। আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ পিতৃ মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল। সন্তান নাছিল। চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী যি দীৰ্ঘ দিন জটিল ৰোগত আক্ৰান্ত। আজি বেছ কিছুদিন তেওঁ হাস্পতালত চিকিৎসাধীন। চৰকাৰী গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি থকা চেতিয়াই অফিচৰ কামৰ মাজতে পত্নীক শুশ্ৰূষা কৰেগৈ। বেচ কিছু দিন হাস্পতালেই চেতিয়াৰ ঘৰ হৈ পৰিছিল- এটা আশা বুকুত বান্ধি যে তেওঁৰ পত্নী ভাল হৈ এদিন ঘৰলৈ উভতি আহিব। কেইদিনমান পূৰ্বে চেতিয়াৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আইচিইউ লৈ নিয়া হল। আজি বিয়লি তেওঁৰ মৃত্যু হয়।’’

গোস্বামীয়ে আগলৈ লিখিছে, ''... চেতিয়া সাজু হৈ আছিলেই, ছাৰ্ভিচ ৰিভলভাৰটো লগত ৰাখিছিল। হাস্পতালত ডাক্তৰে তেওঁৰ পত্নীৰ মৃত্যু নিশ্চিত কৰাৰ লগে লগে চেতিয়াই ৰিভলভাৰটো উলিয়াই নিজৰ মুৰত গুলিয়াই দিয়ে। মুহূৰ্ততে এটা পৰিয়ালৰ অস্তিত্ব নাইকিয়া হৈ গ'ল। হাঁহিমুখীয়া কেৰিয়াৰ-সফল মানুহটোৰ মনত ইমান দিনে কি চলি আছিল কোনোৱে বুজিব নোৱাৰিলে। অনাগত জীৱনৰ চৰম একাকীত্ব শিলাদিত্য চেতিয়াই মানি ল’ব নুখুজিলে। এই আত্মহত্যাৰ বাবে কাকো কোনো অজুহাত দিয়াৰ প্ৰয়োজন নাই- কোনো ছুইচাইড নোটৰো প্ৰয়োজন নাই।’’

আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে ছ’চিয়েল মিডিয়াত লিখিছে, 'পত্নী বিৰহ, একাকিকত্ব নে আন সকলো মানসিক চাপ একেলগ হৈ শেষত নিজক শেষ কৰাৰ চৰম সিদ্ধান্ত নাজানিম! গৃহ বিভাগৰ সচিবৰ দৰে এক গধুৰ দায়িত্বত থকা শীৰ্ষ আইপিএছ বিষয়া হোৱা হেতুকেই হয়তো সকলো হতভম্ভ। ইয়াৰ আগতেও শংকৰ বৰুৱাকে ধৰি কেবাজনো আৰক্ষী বিষয়াই আত্মহত্যা কৰিছিল। আন সৰু সৰু মানুহৰ আত্মহত্যাৰ ঘটনা অহৰহ হৈয়ে আছে কেওফালে। তেওঁলোকৰ মনোজগতৰ বুজ লবলৈ আমি কাহানিও চেষ্টা কৰা নাই।’

'পত্নীপ্ৰেমৰ বাবেই যদি এনে সিদ্ধান্ত তেন্তে সেই প্ৰেমৰ স্মৃতি আন ধৰণেও জীয়াই ৰখাৰ প্ৰয়াস কৰিব পাৰিলেহেতেন। একাকিকত্বৰ যন্ত্ৰণাৰ বাবে যদি এনে সিদ্ধান্ত তেনে একাকিকত্বৰ যন্ত্ৰণা লৈয়ো বহু মানুহ জীয়াই আছে। সময় গগৈ নামৰ ইউটিউবাৰজনে ভঙা চালিৰ তলত অকলশৰীয়া জীৱন কটোৱা ভালেমান ডাল-দৰিদ্ৰ, অসহায় পুৰুষ-মহিলাৰ ঘৰ সাজি দিয়া দেখিয়েই আছো। তেওঁলোকে কিন্তু নিজেই নিজক শেষ কৰি দিয়া নাই। ইয়াকে কয়- ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। এটা কথা ঠিক যে এনেকৈ শীৰ্ষ আৰক্ষী বিষয়া এজনে আত্মহত্যাৰ দৃষ্টান্ত দেখুৱালে সমাজলৈ এটা অশুভ বাৰ্তা যায়। জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘনিষ্ঠজনৰ বেদনা সহিব নোৱাৰি যদি আত্মহত্যাৰ পথ বাচি লৈছে তেন্তে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰত মৰাসকলৰ পৰিয়ালবোৰে কিমান বিৰহ বেদনা আৰু শূন্যতা লৈ জীয়াই আছে ভাবিবলগীয়া।’- পোষ্টটোত এইদৰে লিখিছে সাংবাদিক গগৈয়ে।