কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ দাবীত আজি ৰাজ্যৰ শতাধিক স্থানত এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত দুই ঘণ্টীয়া গণ চিঞৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ৰাজ্যজুৰি অনুষ্ঠিত হোৱা গণচিঞৰ কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত দুই ঘণ্টীয়া গণ চিঞৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
উক্ত গণ চিঞৰ কাৰ্যসূচীত তিনিওটা সংগঠনৰ প্ৰায় সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি ডিভাইড আছাম ফিফটি ফিফটি, বড়োলেণ্ড আমাক লাগিবই, ন বড়োলেণ্ড ন ৰেষ্ট আদি আদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হোৱা উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ সহ:সাধাৰণ সম্পাদক খৌৰমদাও ওৱাৰীয়ে পৃথক বড়োলেণ্ড ৰাজ্য গঠন নোহোৱা পৰ্যন্ত এবছুয়ে আন্দোলন অব্যাহত ৰাখিব বুলি সদৰী কৰিছে।
আজিৰ কাৰ্যসূচীৰ অন্তত পৃথক বড়োলেণ্ডকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত জিলা উপায়ুক্তৰ যোগেদি গৃহমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিএমৰ নেতৃবৰ্গই।