19
Mar
2017

নতুন দিল্লীঃ এইবাৰ দেশীয় চালকৰ হাতত শক্তি। অ’লা-উবেৰক প্ৰত্যাহ্বান জনাইছে দিল্লীৰ টেক্সীচালকসকলে। 'সেৱা কেব’ নাম দিয়া এই নতুন এপটোৰ যোগেদি অহা ৭ এপ্ৰিলত আৰম্ভ কৰিব এক নতুন টেক্সী সেৱা।
নতুন নেটৱৰ্কটোত অন্তৰ্ভুক্ত হ’বলৈ টেক্সীচালকসকলে দিব লাগিব মাত্ৰ ৭০০ টকা। আৰম্ভণিতে ভাৰা নগদ লোৱা হ’ব যদিও পিছলৈ ডিজিটেল ৱালেটৰো কথা চিন্তা কৰিছে সেৱা কেবে।
সদ্যহতে ৫ হাজাৰ টেক্সিচালকক এই নেটৱৰ্কলৈ অনাৰ পৰিকল্পনা কৰিছে সেৱা কেবে। চালক শক্তি নামৰ সংস্থাটোৰ এই নতুন সেৱামতে প্ৰতি কিলোমিটাৰত ভাৰাা হ'ব ৭ টকা। সেৱাৰ সৈতে জৰিত চালকসকলক কথা-বতৰা পতা, এপ ব্যৱহাৰ কৰা আদি বিষয়ক লৈ প্ৰশিক্ষণো দিয়া হ'ব বুলি কৈছে সস্থাটোৱে।