গুৱাহাটীঃ নৰক যন্ত্ৰণাৰ মাজত মধ্যপ্ৰাচ্যত যৌনদাসীৰ জীৱন কটাইছে অসমৰ যুৱতীয়ে। বিলাসী জীৱনৰ আকাংক্ষা কৰি দুষ্টচক্ৰৰ ফান্দত ভৰি দিয়া নাৰীৰ ক্ৰন্দন মধ্যপ্ৰাচ্যত পৰ্যৱসিত হৈছে অৰণ্যৰোদনলৈ।
বিদেশৰ অজ্ঞাত স্থানৰ পতিতালয়ত দেহ বিক্ৰী কৰিবলৈ বাধ্য হোৱা যুৱতীৰ শতাধিক অসমৰ। জীৱনৰ অভিলাষ পূৰণ কৰিবলৈ গৈ দেহ ব্যৱসায়ীৰ জালত ভৰি দিয়া যুৱতীৰ নাই কোনো উদ্ধাৰৰ পথ। মধ্যপ্ৰাচ্যৰ কামাতুৰ পুৰুষৰ দেহৰ ক্ষুধা নিবাৰণ কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছে নাৰীদেহৰ ব্যৱসায়ীয়ে।