প্ৰতীকি ফটো
প্ৰতীকি ফটো

গুৱাহাটীঃ ৰাজ্যত পুনৰ যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী প্ৰায় ৮ বছৰীয়া কিশোৰ৷ বিগত দিনত ৰাজ্যত কেইবাঠাইত বিবাহিত মহিলা, যুৱতী, শিশু যৌন নিৰ্যাতনৰ বলি হোৱাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে কামৰূপ জিলাৰ শুৱালকুছিত এগৰাকী ৮বছৰীয়া নাবালাকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

জানিব পাৰ মতে, শুৱালকুছিৰ সমীপৰ আদাবৈ নামৰ ঠাইত এটি কিশোৰে ঘৰৰ ওচৰৰে এগৰাকী লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ দিয়ে মাতৃক৷ পিছত মাতৃয়ে ৮বছৰীয়া কিশোৰটোক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ সন্দৰ্ভত এজাবাৰ দাখিল কৰাত শৈলেন কলিতা নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে৷ শুৱালকুছি আৰক্ষীয়ে শৈলেন কলিতাক আটক কৰি তদন্ত অব্যাহত ৰখা বহুলি জানিব পৰা গৈছে৷