লিডুঃ নিখিল ভাৰত যুৱ ফেডাৰেছনৰ লিডু আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা বুধবাৰে স্থানীয় কলপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।

সমাজকৰ্মী অমূল্য কুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত সংগঠনটোৰ ৰাজ্যিক সম্পাদক অজয় বৰা, ৰাণাজ্যোতি নেওগ উপস্থিত থাকে৷

সভাত বিজেন্দ্ৰ গগৈক সভাপতি, আব্দুল লটিফক উপ-সভাপতি, পৰাগজ্যোতি বৰুৱাক সম্পাদক, আব্দুল চাত্তাৰ আৰু দীপক গোৱালাক যুটীয়া সম্পাদক, প্ৰদীপ শইকীয়াক সাংগঠনিক সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া লিডু আঞ্চলিক সমিতি গঠন কৰা হয়।

উক্ত সভাতে প্ৰভাত বৰাক সভাপতি আৰু পাৰ্থ শৰ্মাক সম্পাদক হিচাপে লৈ ৭জনীয়া সদস্যৰে মাৰ্ঘেৰিটা মহকুমা সমিতিৰ আহ্বায়ক সমিতি গঠন কৰা হয়।