newsnextone.com | ডিব্ৰুগড়ঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
সোমবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷ এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ ছাত্র ফেডাৰেচনৰ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে। ৰাজ্যিক সমিতিৰ সভাপতি কাশ্যপ চৌধুৰী অাৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি সন্দেহ তথা অন্ধবিশ্বাসৰ ফলত সংঘটিত হোৱা এই নাৰকীয় কাণ্ডক সভ্য সমাজৰ বাবে কলংক বুলি অভিহিত কৰে। ছাত্র সংগঠনটোৱে এই জঘন্য ঘটনাৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷