নতুন দিল্লীঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল যোৱা ২৪ ফেব্ৰুৱাৰীত দিল্লীৰ জাফৰাবাদ অঞ্চলত আৰক্ষী বিষয়ালৈ লক্ষ্য কৰি বন্দুক টোওৱা যুৱক শ্বাহৰুখ। দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াই আনুষ্ঠানিকভাৱে মঙলবাৰে শ্বাহৰুখক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে। সংবাদ প্ৰতিষ্ঠান এএনআইৰ মতে দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক।

দিল্লীৰ হিংসাত্মক ঘটনাৰ সময়ত এই যুৱকজৰ ভিডিঅ’ই লাভ কৰিছিল ব্যাপক চৰ্চা। ভিডিঅ’টোত দিন-দুপৰতে যুৱকজনে আৰক্ষীলৈ লক্ষ্য কৰি বন্দুক টোওৱা দেখা গৈছে। যুৱকজনৰ পিছফালে থকা ভিৰৰ মাজৰ পৰা একাংশ লোকে নিক্ষেপ কৰিছিল শিলগুটি। ৰঙা চাৰ্ট পৰিহিত যুৱকজনে পিষ্টল টোৱাই আৰক্ষীৰ কাষলৈ অগ্ৰসৰ হৈছে। যুৱকজনৰ পিছে পিছে আগবাঢ়ি আহিছিল প্ৰতিবদাকাৰীৰ এটা জুম আৰু তেনেতে শুনা যায় গুলী ফুটাৰ শব্দ।

দ্য হিন্দুৰ সাংবাদিক সৌৰভ ত্ৰিবেদীয়ে ভিডিঅ’টো টুইট কৰি লিখিছিল, 'কা-বিৰোধী প্ৰদৰ্শনকাৰীয়ে জাফৰাবাদত গুলী বৰ্ষণ কৰিছে। এই যুৱকজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে।’ ভিডিঅ’টো কিছুসময় পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। একাংশ লোকে দাবী কৰিবলৈ লয় যে যুৱকজন কা-বিৰোধী প্ৰদৰ্শনকাৰী নহয়, 'কা’ৰ সমৰ্থকহে। গুলী ফুটোৱা যুৱকজনক বহুতে অভিষেক মিশ্ৰ বুলিও প্ৰচাৰ চলোৱা দেখা গৈছিল। কিন্তু ফেক্ট চেকিঙত এয়া স্পষ্ট হৈ পৰে যে গুলী চালনা কৰা যুৱকজন 'কা’ৰ সমৰ্থক নাছিল, 'কা’ৰ বিৰোধীহে আছিল।

ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী দ্য হিন্দুৰ সাংবাদিক ত্ৰিবেদীয়ে এই সন্দৰ্ভত বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছে, 'মই মৌজপুৰৰ পৰা বাবৰপুৰলৈ গৈ আছিলো। তেতিয়া জানিব পাৰিলো যে জাফৰাবাদ আৰু মৌজপুৰৰ প্ৰান্তত গাড়ী জ্বলাই দিয়া হৈছে শিলগুটি নিক্ষেপ কৰা হৈছে। দুয়ো দিশৰ পৰা প্ৰদৰ্শনকাৰী আহি আছিল। মই যি ঠাইত আছিলো সেই ফালে 'কা’ৰ সমৰ্থক আছিল। মোৰ সমুখত থকা ভিৰটো আছিল 'কা’ৰ বিৰোধীসকল। উক্ত ভিৰটোৰ মাজৰ পৰা এজন যুৱক আগবাঢ়ি আহিছিল, যুৱকজনৰ হাতত আছিল এটা পিষ্টল। যুৱকজনে প্ৰথমতে এজন আৰক্ষীলৈ লক্ষ্য কৰি পিষ্টল টোৱালে আৰু আৰক্ষীক তাৰ পৰা আতঁৰিবলৈ ক’লে। কিন্তু আৰক্ষীজন তাতেই ৰৈ থাকিল। তাৰপিছত সেই ল’ৰাজনে অতিকমেও ৮ জাই গুলী ফুটালে।’

তেওঁ আৰু কৈছে, 'মোৰ পিছফালে যিটো ভিৰ আছিল সেই ভিৰটোৱে জয় শ্ৰীৰাম ধ্বনি দি আছিল। দুয়োটা ভিৰৰ মাজত আছিল মাত্ৰ এজন আৰক্ষী। গুলী চলোৱা ল’ৰাজনে 'কা’ৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিছিল।’ 

গুলী চলোৱা ভিডিঅ’টোত যুৱকজনৰ পিছফালে গেৰুৱা ৰঙৰ পতাকা থকালৈ চাই একাংশ লোকে সেয়া 'কা’ৰ সমৰ্থকৰ বুলি দাবী কৰিছিল যদিও 'দ্য হিন্দু’ৰ সৌৰভ ত্ৰিবেদীয়ে টুইট কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰা ভিডিঅ’বোৰৰ তুলনাত হাই ৰিজউলিশ্যনৰ হোৱা বাবে প্ৰকৃত সত্য স্পষ্ট হৈ পৰে। গুলী চলোৱা যুৱকজনক 'কা’ৰ সমৰ্থক আখ্যা দিয়াসকলে পিছফালে থকা গেৰুৱা পতাকাৰ কথা উল্লেখ কৰিছে যদিও ভালদৰে চালে দেখা যায় যে সেয়া প্ৰকৃততে 'কা’ সমৰ্থনকাৰীৰ গেৰুৱা পতাকা নহয়, সেয়া হৈছে শাক-পাচলি, আইচক্ৰীম আদি বিক্ৰী কৰি থকা অস্থায়ী দোকানত লগোৱা গেৰুৱা ৰঙৰ পতাকা আৰু প্লাষ্টিকৰ বাকচহে।