Home ক্ৰীড়াপত্নী-কন্যাক মাহে ৪ লাখকৈ টকা দিব লাগিব ছামিয়ে

পত্নী-কন্যাক মাহে ৪ লাখকৈ টকা দিব লাগিব ছামিয়ে

by News Next One
A+A-
Reset

কলকাতা: কলকাতা হাইক’ৰ্টে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামিক তেওঁৰ বিবাহ বিচ্ছেদিত পত্নী হাছিন জাহান আৰু জীয়ৰীৰ বাবে মাহিলী ৪ লাখ টকা দিবলৈ নিৰ্দেশ দিছে। বিচাৰপতি অজয় কুমাৰ মুখাৰ্জীৰ নেতৃত্বাধীন খণ্ডপীঠে হাছিনৰ আবেদনৰ পাছত ছামিক পত্নীৰ বাবে ১.৫ লাখ আৰু জীয়ৰীৰ বাবে ২.৫ লাখ টকা মাহিলী দিবলৈ কয়।

আদালতে উল্লেখ কৰিছে যে ছামিয়ে জীয়ৰীৰ শিক্ষা বা অন্যান্য খৰচৰ বাবে স্বেচ্ছাই অতিৰিক্ত অৰিহণা দিব পাৰে।

২০২৩ত জিলা আদালতে শ্বামীক পত্নীৰ বাবে ৫০,০০০ আৰু জীয়ৰীৰ বাবে ৮০,০০০ টকা দিবলৈ নিৰ্দেশ দিছিল, যাৰ বিৰুদ্ধে হাছিনে হাইক’ৰ্টত আবেদন কৰিছিল।

তেওঁ নিজৰ বাবে ৭ লাখ আৰু জীয়ৰীৰ বাবে ৩ লাখ টকা দাবী কৰিছিল। ২০১৪ত ছামিৰ সৈতে বিবাহৰ পূৰ্বে হাছিন কলকাতা নাইট ৰাইডাৰ্ছৰ চিয়েৰলিডাৰ আৰু মডেল আছিল। ২০১৮ত তেওঁ ছামিৰ বিৰুদ্ধে ঘৰুৱা হিংসা, যৌতুক হাৰাশাস্তি আৰু মেচ ফিক্সিংৰ অভিযোগ উত্থাপন কৰিছিল।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0