জন্মজয়ন্তীত উদুলি মুদুলি জন্মস্থান বটদ্ৰৱা, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত চৌদিশ

Home ৰাজ্যজন্মজয়ন্তীত উদুলি মুদুলি জন্মস্থান বটদ্ৰৱা, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত চৌদিশ

জন্মজয়ন্তীত উদুলি মুদুলি জন্মস্থান বটদ্ৰৱা, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত চৌদিশ

by News Desk
64 views
A+A-
Reset

newsnextone.com| নগাঁওঃ গুৰু জনে দেখুৱাই যোৱা মানবতাবাদী দৰ্শনৰ বাবে অসমীয়া জাতি সৰ্বোপৰি মৰ্যদা সহকাৰে বিশ্বৰ বুকুত উজ্বলি থাকিব, এই মন্তব্য বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ভোগেশ্বৰ বৰাৰ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম জন্ম জয়ন্তী উৎসৱ উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি কাৰ্যকৰী সভাপতি গৰাকীয়ে কয় যে আজিৰ পৰা ৫৫০ বছৰ পূৰ্বে জগত গুৰুজনাই অস্পৃশ্যতা মুক্ত সমাজ গঢ়ি বৃহত্তৰ অসমীয়া জাতি সত্বাৰ মাজত সমন্বয়ৰ সেঁতু আৰু শৃংখলিত সমাজৰ পৰিকল্পনা কৰিছিল। গাৰোৰ গোবিন্দ , নগাৰ নৰোত্তম, যৱনৰ জয়হৰি, মুছলমানৰ চান্দসাঁই, মিৰিৰ জয়ন্তীয়া, কৈৱৰ্তৰ ৰমানন্দক প্ৰধান শিষ্যত্ব প্ৰদান কৰি শ্ৰেনীহীন সমাজ গঢ়ি থৈ গৈছিল।

আজি বিশ্বৰ মানৱ সমাজ গুৰুজনাৰ সাংস্কৃতিক উপাদান সমূহক লৈ মানৱতাবাদী আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে বাটবুলিছে তাৎপয্য পূৰ্ণ মন্তব্য আগবঢ়াই। যোৱাকালিৰে পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জয়ন্তী উৎসৱৰ আজি দ্বিতীয় দিনা পুৱাৰ ভাগত থানৰ নিত্য নৈমিত্তিক প্ৰসঙ্গৰ পিছতে সত্ৰ সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ সমূহক সাৰোগত কৰি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ পৰা আৰম্ভ হৈ শলগুৰি সত্ৰৰ মাজেৰে নগাঁও চহৰৰ ডিমৰুগুৰি তোৰণ আৰু শেনচোৱা তোৰণক প্ৰদক্ষিন কৰি হাটীচোং আৰু শিলপুখুৰী মৌজাৰ মাজেৰে প্ৰায় ৭০ কি.মি. ৰ জুৰি কেইবা শতাধিক সৰুবৰ যানবাহনেৰে জাতীয় সংস্কৃতি প্ৰতিফলিত হোৱা এই শোভাযাত্ৰাই আজি জাতীয় জীৱনত স্পন্দন তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0