ডিজিটেল ডেস্ক |নগাঁওঃ নগাঁও জিলাৰ শেতালী, কুজাৰবড়ি, বালিসৰা আৰু লঠাবৰি অঞ্চলৰ সন্মিলিত এচ. কে. বি. এল শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ সৌজন্যত ১৮ অক্টোবৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি থকা মহাপুৰুষ জনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাব মহোৎসৱভাগৰ আজি সামৰণি পৰে।
কালি পুৱা ৯ বজাত এক বৰ্ণাঢ্য পৰিবেশত উৎসবৰ ধৰ্মধ্বজা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ দেউৰীয়ে৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ শোভাৰম্ভ কৰে এচ কে বি এল নেহৰু মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় সিংহ ৰাজা আৰু বিশিষ্ট সমাজ কৰ্মী ফণীধৰ মেধিয়ে৷ তাৰ পাছতেই গায়ন বায়ন, ভকত- বৈষ্ণৱ, আই মাতৃ আৰু যুৱক যুৱতী সকলৰ অংশ গ্ৰহনেৰে উলিওৱা ভাগৱত ভ্ৰমণ শোভা যাত্ৰাই শেতালী, কুজাৰবৰি, বালিসৰা আৰু লঠাবৰি অঞ্চল প্ৰদক্ষিণ কৰি সমগ্ৰ অঞ্চলটোতেই ভক্তিৰসৰ নিজৰা বোৱাই দিয়ে৷