ডিজিটেল ডেস্কঃ জেডিইউৰ বিসম্বাদী নেতা শৰদ যাদৱে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক জেলৰ ভিতৰত সাক্ষাৎ কৰাৰ পিছতেই ৰাজনীতি গৰম হ’ব ধৰিছে৷ সাক্ষাৎ কৰাৰ পিছত শাৰদ যাদৱে বিৰোধীক একত্ৰিকৰণ কৰাৰ লগতে ঝাৰখণ্ড আৰু লোকসভা নিৰ্বাচন সন্দৰ্ভত লালু সৈতে আলোচনা কৰা বুলি কয়৷
ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী আৰু বিধায়ক প্ৰদীপ য়াদৱৰ সৈতে শৰদ য়াদৱে লালুক সাক্ষাৎ কৰে৷ শৰদ যাদৱে সমগ্ৰ দেশজুৰি বিজেপি বিৰোধীক একত্ৰিত কৰা কথাও উল্লেখ কৰে৷ শৰদ য়াদৱে দিল্লী উচ্চ ন্যায়ালয়ত তেওৰ ৰাজ্য সভাৰ সদস্য পদ কৰ্তন কৰিবলৈও আহ্বান জনায়৷