59
ইম্ফলঃ ক্ষোভ, বেদনা, অভিমান নে বিয়া? সংগ্ৰামী নেত্ৰী-মানৱাধিকাৰ কৰ্মী তথা লৌহ মানৱী আখ্যাৰে বিভূষিত ইৰম শৰ্মিলাই আজি মণিপুৰ ত্যাগৰ কথা ঘোষণা কৰাৰ পাছতে এনে প্ৰশ্নৰ অৱতাৰণা হৈছে।
মণিপুৰৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত সুদীৰ্ঘ ১৬ বছৰ কাল অনশন কৰা শৰ্মিলাই আকস্মিকভাৱে অনশন ভংগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশেৰে ক্ষমতাৰ সোৱাদ লোৱাৰ সপোন দেখে যদিও তেওঁৰ এই সপোন ইতিমধ্যে চূৰমাৰ হৈছে।