Home দেশমোডীৰ বিৰুদ্ধে কৈ বিপদত শশী থাৰুৰ

মোডীৰ বিৰুদ্ধে কৈ বিপদত শশী থাৰুৰ

by News Desk
53 views
A+A-
Reset

নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত আপত্তিজনক মন্তব্য আগবঢ়াই বিপদত শশী থাৰুৰ৷ মানহানিৰ অভিযোগত কংগ্রেছ সাংসদ শশী থাৰুৰৰ বিৰুদ্ধে দিল্লীৰ পটিয়ালা হাউছ আদালতত বিজেপি নেতা ৰাজীৱ বব্বৰে এটা গোচৰ তৰিছে৷ 
বিজেপি নেতাজনে অভিযোগ কৰে যে থাৰুৰৰ মন্তব্যই ধৰ্মীয় অনুভূতিত আঘাত হানিছে৷ গোচৰটো ৰুজু কৰাৰ পাছত বব্বৰে থাৰুৰৰ মন্তব্যক ‘অসহনীয় দুৰ্ব্যৱহাৰ’ বুলি কোৱাৰ লগতে লাখ লাখ লোকৰ ধৰ্মীয় অনুভূতিক ‘সম্পূৰ্ণৰূপে অপমান’ কৰা বুলি কয়৷ উল্লেখযোগ্য যে মানহানি গোচৰটোৰ শুনানিৰ অহা শনিবাৰে গ্ৰহণ কৰা হ’ব৷
যোৱা শনিবাৰে বেংগালুৰুত সাহিত্য সম্পৰ্কীয় এক অনুষ্ঠানত থৰুৰে এক বিৰ্তকিত মন্তব্য আগবঢ়াইছিল৷ আৰ এছ এছৰ এজন সদস্যৰ উদ্ধৃতি  দি তেওঁ কৈছিল যে ‘মোডী শিৱলিংগৰ ওপৰত বহি থকা এটা বৃশ্চিক, যাক হাতেৰেও আঁতৰাব নোৱাৰি আৰু চেণ্ডেলেৰেও মাৰিব নোৱাৰি’৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0