newsnextone.com | ডিজিটেল ডেস্কঃ সুনন্দা পুস্কৰৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শশী থৰুৰক দিল্লীৰ পাটিয়ালা হাউচ আদালতে অগ্ৰীম জামিন প্ৰদান কৰিছে৷ কিন্তু কংগ্ৰেছ নেতাগৰাকীয়ে অগ্ৰীম জামিন লাভ কৰাৰ পিছতে বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷ আদালতৰ সিদ্ধান্তৰ পিছত বিজেপি সাংসদ সুব্ৰমণিয়াম স্বামীয়ে কয়, ‘এয়া কোনো সুখী হ’বলগীয়া বিষয় নহয়৷ শশী থৰুৰ কোনো তিহাৰ জেইলত নাই৷ তেওঁ ছোনীয়া আৰু ৰাহুল গান্ধীৰ লগত একেলগে বহিব পাৰে৷ কিন্তু কিছু দিনৰ বাবেহে৷’
সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা বাৰ্তালাপত সুব্ৰমণিয়াম স্বামীয়ে শশী থৰুৰক ব্যক্তিগতভাৱেও আক্ৰমণ কৰে৷ তেওঁ শশী থৰুৰৰ আক্ৰমণ কৰি কয়, ‘এতিয়া শশী থৰুৰে বিদেশলৈ গৈ বেলেগ বেলেগ গাৰ্লফ্ৰেণ্ডক লগ কৰিব নোৱাৰিব৷’ উল্লেখ্য যে, পাটিয়ালা আদালতে যদিও শশী থৰুৰৰ জামিন অনুমোদন জনাইছে, কিন্তু তেওঁৰ বিদেশ যাত্ৰাত নিষেধাজ্ঞা জাৰি কৰিছে৷ আদালতৰ এই সিদ্ধান্তৰ পিছতেই মন্তব্য কৰি স্বামীয়ে থৰুৰক আক্ৰমণ কৰে৷