53
জাগুনঃ একেৰাহে ১৫ বছৰ শাসনৰ গাদী দখল কৰিও কংগ্ৰেছ দলে ৰাজ্যৰ খিলঞ্জীয়া-ভূমিপুত্ৰসকলৰ কোনো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২০০১ চনৰ পৰা ২০১৬ চনলৈকে তিনিটা কাৰ্যকালত কংগ্ৰেছ চৰকাৰৰ শাসনকৰ্তাসকলে কৰি গৈছিল মাথোঁ আধাৰশিলাৰ ৰাজনীতি৷ এই সময়চোৱাত ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজক কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰে জৰ্জৰিত কৰি তুলিছিল৷
