newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ মোজাফ্ফৰনগৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাজু হৈছে বিহাৰৰ বিৰোধী দল আৰজেডিয়ে। বৰ্তমানৰ আৰজেডি নেতা তথা লালু প্ৰসাদ যাদবৰ পুত্ৰ তেজস্বী যাদৱে শনিবাৰে দিল্লীত যন্তৰ-মন্তৰত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। দেশৰ সকলো বিৰোধী দলক এই কাণ্ডৰ বিৰুদ্ধে কৰিবলগীয়া প্ৰতিবাদত চামিল হ'বলৈ আহ্বান জনাইছে তেজস্বীয়ে। তেজস্বীয়ে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, টিডিপি, সমাজবাদী, বহুজন সমাজবাদী পাৰ্টি আদি দলক প্ৰতিবাদত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

এয়া এক ৰাজনৈতিক যুঁজ সদৃশ হৈ পৰিছে। বৰ্তমানৰ বিহাৰৰ জেডিএছ আৰু বিজেপিৰ চৰকাৰে সকলো অপৰাধীক গ্ৰেপ্তাৰ নকৰাৰ লগতে এই ঘটনাৰ সৈতে ৰাজনৈতিক দলৰ নেতা তথা খোদ চৰকাৰৰ লোক জৰিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কাণ্ডত এগৰাকী বিহাৰ চৰকাৰৰ মন্ত্ৰীৰ পৰিয়ালৰ নাম ওলাইছে যদিও সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত তেজস্বীয়ে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব।

কেইবা হাজাৰ লোক সমবেত হ'ব বুলি জানিব পৰা গৈছে। এই বালিকা গৃহৰ পৰিচালনা কৰিছিল ব্ৰজেশ ঠাকুৰ নামৰ এগৰাকী লোকৰ স্বেচ্ছাসেৱী অনুষ্ঠানে। বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ নিৰ্যাতিতাৰ ফটো দেখুৱাত নিষেধ জাৰি কৰি নিৰ্দেশ দিয়ে উচ্চতন ন্যায়ালয়ে। এগৰাকী লোক কৰা আবেদনৰ ভিত্তিত ন্যায়াধীশ বি লুকুৰ আৰু দীপক গুপ্তাৰ আদালতে ঘটনা সন্দৰ্ভত বিহাৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু মহিলা-শিশু মন্ত্ৰালয়ৰ পৰা শীঘ্ৰে তথ্য বিচাৰে।

ইতিমধ্যে ব্ৰজেশ ঠাকুৰক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাৰ তদন্তৰ বাবে চিবিআইক দায়িত্ব দিয়া হৈছে। ধৰ্ষণকাণ্ডৰ মুখ্য অভিযুক্ত মধু কুমাৰক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই চৰকাৰে। জানিব পৰা মতে, মোজাফ্ফাৰ নগৰ কাণ্ডৰ মুল অপৰাধী মধু কুমাৰক প্ৰশাসনে এৱাৰ্ড দিবলৈ মনোনিত কৰিছিল। 

উল্লেখ্য যে, অভিভাৱকহীন, গৃহহীন কিশোৰী আৰু যুৱতীক ৰখা হৈছিল বালিকা গৃহত। ৩৪ গৰাকী কিশোৰী আৰু যুৱতীক প্ৰতিদিনে ধৰ্ষণ কৰা হৈছিল। কিশোৰী আৰু যুৱতীক বাহিৰলৈ ওলাই আহিব দিয়া হোৱা নাছিল। অকথ্য শৰিৰীক নিৰ্যাতন দি ধৰ্ষণ কৰা হৈছিল। যাৰ ফলত তিনিগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিৰোধী দলে বিহাৰ চৰকাৰে মহিলাক সুৰক্ষা দিয়াৰ ব্যৰ্থ হোৱাৰ লগতে এই ঘটনাত বিহাৰ চৰকাৰৰ লোক জৰিত থকা বুলি দাবী কৰি আহিছে।