মুম্বাইঃ লোকসভা নিৰ্বাচনলৈ তিনিমাহ বাকী থকাৰ সময়ত বি জে পিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ লোকসভা দখল কৰিব বুলি প্ৰচাৰ চলাইছে৷ 

শেহতীয়াকৈ অনুষ্ঠিত পাঁচখন বিধানসভা নিৰ্বাচনৰ মধ্যপ্ৰদেশ, চত্তীশগড় আৰু ৰাজস্থানত পৰাজয়ৰ মুখ দেখা বি জে পিয়ে ই বাস্তৱ যুক্তিৰে পুনৰ চৰকাৰ গঠন কৰিব তাক লৈ ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে৷ 

অকল বিৰোধিয়েই নহয় বি জে পিৰ অত্যাধিক আত্মবিশ্বাসক লৈ প্ৰশ্ন তুলিছে গেৰুৱা দলটোৰ সবাতোকৈ পুৰণি বন্ধু দল শিৱসেনাই৷ বি জে পিয়ে মহাৰাষ্ট্ৰত ৪৮ খন আসনত ৪৩ খনেই পাব বুলি চলোৱা প্ৰচাৰ সন্দৰ্ভত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই দলীয় মুখপত্ৰ ‘ছামনা’ত কয় যে ই ভি এমৰ জৰিয়তে লণ্ডন আৰু আমেৰিকাতো পদুম ফুল ফুলাব পৰা যাব৷ 

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত শাসকীয় বি জে পিৰ কিয় বিফল হ’ল বুলি কৈ তেওঁ পুনৰ প্ৰশ্ন কৰে ‘অযোধ্যাত কিয় পদুম ফুলাব পৰা নাই?’ 

কৃষকৰ সমস্যা, ৰাফাল-কাণ্ড আদিক লৈয়ো শিৱসেনাই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে৷