50
গোৱলাপাৰাঃ গোৱালপাৰা চহৰৰ মাজমজিয়াৰ মিলননগৰ শান্তিপুৰত এগৰাকী লোকক গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নুৰজামাল মণ্ডল নামৰ লোকজন গুৰুতৰ ভাবে আহত হয়৷
আহত লোকজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোকে। দুৰ্গা মন্দিৰ বজাৰৰ পৰা মিলনপুৰৰ শান্তিনগৰৰ নিজ ঘৰলৈ বাইকেৰে গৈ থকা অৱস্থাত নিৰ্জন ঠাইত আন এখন মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তই পিছ ফালৰ পৰা গুলী চালনা কৰে লোকজনক৷