50
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ কাছখাইটিত ছাইফুল ইছলাম নামৰ এজন যুৱক এজনক নিজ ঘৰৰ সমীপতে গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
দেওবাৰে নিশা সংঘটিত গুলী চালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷ গুৰুতৰভাবে আহত ছাইফুল ইছলাম নামৰ এজন যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়াল তথা ওচৰ চুবুৰীয়াই৷ জানিব পৰা মতে, কাছখাইটিৰ ব্যৱসায়ী ছাইফুল ইছলামে সন্ধিয়া নিজ ঘৰৰ পৰা কিছু নিলগলৈ ওলাই গৈছিল৷