ৰঙিয়াঃ ৰঙিয়া চহৰত আজি অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ চহৰ খনৰ ব্যস্ত ভুটান বাছস্থানত দিন দুপৰতে অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগে৷ যিয়ে যেনেকৈ পাৰে জুই নুমুৱাব চেষ্টা কৰে যদিও চহৰখনৰ মাজ মজিয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায়৷
ৰঙিয়া-ভূটান ৰোডৰ বাছ ষ্টেণ্ডৰ সমীপৰ ভয়ংকৰ অগ্নি কাণ্ডত কেইবাখনো দোকান ভস্মীভুত হয়৷ এখন ফাষ্ট ফুডৰ হোটেলৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হৈ মূহুৰ্ততে কেইবাখনো দোকান জুয়ে আগুৰি ধৰে৷ স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বহু দোকান ৰক্ষা পৰে যদিও তিনিখন দোকান আৰু চাৰিটা গুডাম ঘৰ আৰু আৱাস গৃহ সম্পুৰ্ণ ৰূপে ভস্মীভূত হয়।