দিচাংমুখ/গৌৰিসাগৰঃ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত নিৰ্মিত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলত বুধবাৰে সংঘটিত হ’ল কোনো দিনে নোহোৱা নোপোজা ঘটনা৷

স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী অম্বিকা দেৱীৰ নিৰ্দেশমৰ্মে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে কৰ্দৈশিৰীয়া শিৱদৌলক কেন্দ্ৰ কৰিয়েই শিৱসাগৰ প্ৰশাসনে আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ পালন কৰে৷

আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসত বুধবাৰে দ্বিতীয় দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হোৱাৰ পূৰ্বে শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ জোতা পিন্ধি শিৱ মন্দিৰত প্ৰৱেশ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

মুখ্যমন্ত্ৰী আদৰিবলৈ শিৱ মন্দিৰত উপস্থিত হোৱাৰ সময়তে অজানিতে নতুবা ভূলৱশত জোতা পিন্ধি শিৱ মন্দিৰত প্ৰৱেশ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷