ডিজিটেলডেক্স,গুৱাহাটীঃ শ্রীমদ্ভাগৱত কথা প্ৰচাৰ সমিতিৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি যোৱা ১৪ অক্টোবৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুস্থিত হয়৷ এই সংগীতময় ভাগৱতৰ প্ৰবচন আৰু সম্বর্দ্ধনা সভাখনিৰ বন্তি প্ৰজ্বলন কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱ গোস্বামীয়ে কয় যে সংগীতময় বাতাবৰন ৰচি ব্যতিক্ৰমী প্ৰয়াসেৰে ভাগৱতৰ প্ৰবচনৰ জৰিয়তে দুয়োজনাগুৰুৰ ধৰ্ম দর্শনক বিশ্বমুখী কৰাটো প্ৰশংসনীয় আৰু সময়প্ৰাসংগিক ।
অসমৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক সাংস্কৃতিক সমাজিক দ্বায়বদ্ধতাৰ শিক্ষা, সংস্কাৰ দিয়াত ভাগৱত ৰসসিন্ধু ৰিজু পাঠকৰ এই প্ৰয়াস সুন্দৰ ভাৱে প্ৰসাৰিত হওক বুলি মন্তব্য কৰে সত্ৰাধিকাৰ গোস্বামীয়ে। বন্তি প্ৰজ্বলনৰ পিছতেই বিশিষ্ট কণ্ঠ শিল্পী প্ৰশান্ত ৰাজখোৱাই বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে । ইয়াৰ পিছতেই সংগীতময় শ্ৰীমদ্ভাৱত কথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ভাগৱত ৰস সিন্ধু ৰিজু পাঠকে দুঘণ্টা জুৰি ভাগৱতৰ প্ৰবচন কৰে ।
ইয়াৰ পিছতে বিশেষ সম্বৰ্ধনা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ সভাপতি পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই। সভাত বিশিষ্ট অতিথিৰূপে আসন গ্ৰহণ কৰে ক্ৰমে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰ, ভাৰত স্বাভিমান ন্যাসৰ অসম প্ৰান্তৰ প্ৰভাৰী বিকাশ গোস্বামী, বিশিষ্ট সমাজকর্মী কুশল হাজৰিকা , নাট্যকর্মী দয়ালকৃষ্ণ নাথ, ববী ভাৰদ্বাজ, অপূৰ্ব অধিকাৰীয়ে ।