ডিজিটেলডেক্স,গুৱাহাটীঃ শ্রীমদ্ভাগৱত কথা প্ৰচাৰ সমিতিৰ দ্বাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি যোৱা ১৪ অক্টোবৰৰ সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ  প্ৰেক্ষাগৃহত অনুস্থিত হয়৷ এই সংগীতময় ভাগৱতৰ প্ৰবচন আৰু সম্বর্দ্ধনা সভাখনিৰ বন্তি প্ৰজ্বলন কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দন দেৱ গোস্বামীয়ে  কয় যে সংগীতময় বাতাবৰন ৰচি ব্যতিক্ৰমী প্ৰয়াসেৰে ভাগৱতৰ প্ৰবচনৰ জৰিয়তে  দুয়োজনাগুৰুৰ ধৰ্ম দর্শনক বিশ্বমুখী কৰাটো প্ৰশংসনীয় আৰু সময়প্ৰাসংগিক । 

অসমৰ উঠি অহা প্ৰজন্মক  আধ্যাত্মিক সাংস্কৃতিক সমাজিক দ্বায়বদ্ধতাৰ শিক্ষা, সংস্কাৰ দিয়াত ভাগৱত ৰসসিন্ধু ৰিজু পাঠকৰ এই প্ৰয়াস সুন্দৰ ভাৱে প্ৰসাৰিত হওক বুলি মন্তব্য কৰে সত্ৰাধিকাৰ গোস্বামীয়ে। বন্তি প্ৰজ্বলনৰ পিছতেই বিশিষ্ট কণ্ঠ শিল্পী প্ৰশান্ত ৰাজখোৱাই বৰগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে । ইয়াৰ পিছতেই সংগীতময় শ্ৰীমদ্ভাৱত কথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ভাগৱত ৰস সিন্ধু ৰিজু পাঠকে দুঘণ্টা জুৰি ভাগৱতৰ প্ৰবচন কৰে । 
ইয়াৰ পিছতে  বিশেষ সম্বৰ্ধনা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ সভাপতি পদ্মশ্ৰী সূৰ্য্য হাজৰিকাই। সভাত বিশিষ্ট অতিথিৰূপে আসন গ্ৰহণ কৰে ক্ৰমে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰ, ভাৰত স্বাভিমান ন্যাসৰ অসম প্ৰান্তৰ প্ৰভাৰী বিকাশ গোস্বামী, বিশিষ্ট সমাজকর্মী কুশল হাজৰিকা , নাট্যকর্মী দয়ালকৃষ্ণ নাথ, ববী ভাৰদ্বাজ, অপূৰ্ব অধিকাৰীয়ে ।

এক গাম্ভীৰ্যপূৰ্ণ বিশেষ সম্বৰ্ধনা সভাত লাখ লাখ ধৰ্মীয় মুছলমানৰ মাজত কেৱল এঘৰ অসমীয়া হিন্দু পৰিয়াল হিচাপে শ্ৰীশ্ৰী মইনবড়ী সত্ৰখনৰ সেৱাৰ বন্তি গছিজ্বলাই ৰখা বৰপেটা জিলাৰ শেহতীয়াকৈ গৰাখহনীয়াত বিধ্বস্ত হৈ সৰভোগত প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ মইনাবড়ী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী গনেশ চন্দ্ৰ অধিকাৰীক এখন মানপত্ৰ, গামোচা, ধৰ্মবস্ত্ৰ আৰু এখন ভাগৱতেৰে বিশেষ সম্বৰ্ধনা জনায় উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন গোস্বামী, পদ্মশ্ৰী সূৰ্য্য হাজৰিকা আৰু সংগীতময় শ্ৰীমদ্ভাগৱত প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰিজু পাঠকে। 

ইয়াৰ পিছতে বৰপেটাৰ হোলীগীতৰ ওজা নকুল দাস, উদীয়মান খোলবাদক শিল্পী মনোজ কুমাৰ দাস, লোকসংগীত শিল্পী অমিয় নেওগ কলিতা, শ্ৰীশ্ৰীজয়হৰি পিতাৰ  থান অধিকৰ্তা কৃষ্ণপ্ৰাণ  শ্ৰীমৎ শৰদানন্দ অধিকাৰ, মহাপুৰুষীয়া সমাজৰ শৰণাচাৰ্য্য গকুল বৰ্মন, বিশিষ্ট সমাজকৰ্মী জি. এল আগৰৱালা, সত্ৰীয়া সাহিত্য সংস্কৃতিৰ সাধক ডালিম পাঠক, সত্ৰীয়া সংস্কৃতিৰ শিল্পী গুনীন্দ্ৰ নাথ ওজা, ঠিয় নামৰ বিশিষ্ট শিল্পী সৰ্বেশ্বৰ পাঠক, মহাপুৰুষীয়া ধৰ্মৰ সাধক ডঃ ভূপেন ভৰালীকে ধৰি ২২ গৰাকী মহান ব্যক্তিক বিপুল সম্বৰ্ধনা জনোৱা হয়। সভাৰ উদ্বোধনী বৰগীত আৰু দিহানাম  পৰিবেশন কৰে ক্ৰমে কুসুম তালুকদাৰ আৰু বাসন্তী দত্ত কাকতিৰ দিহানামৰ দলে । অনুষ্ঠানটোৰ আঁত ধৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীপজ্যোতি চহৰীয়া আৰু তাৰিনী চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিপা দাসে।  থিয়নাম শিল্পী জ্যোতিষ ডেকাৰ দলে থিয় নাম পৰিবেশন কৰাৰ পাছতে  অনুষ্ঠানৰ সামৰণি পৰে ।