শ্ৰীনগৰঃ যোৱা সপ্তাহত জম্মু আৰু কাশ্মীৰৰ অনন্তানাগত সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৱশেষত মৃত্যুবৰণ কৰা আৰক্ষী বিষয়াই আৰ্শ্বাদ খানক শেষ শ্ৰদ্ধা জনোৱাৰ সময়ত এক কৰুণ মূহুৰ্ত৷

 
মৃত আৰ্শ্বাদ খানৰ চাৰি বছৰীয়া পুত্ৰক শ্ৰীনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হাছিব মোগলে কোলাত লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ স্থানৰপৰা আঁতৰাই অনাৰ সময়ত তেওঁ আবেগ ধৰি ৰাখিব নোৱাৰিলে৷ 

তেওঁ হুকহুকাই কান্দি পেলালে৷ এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ 
যোৱা বুধবাৰে অনন্তানাগত চিআৰপিএফ ৰ এটা তহলদাৰী দললৈ সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত আৰ্শ্চাদ খানক গুৰুতৰভাৱে আহত হৈছিল৷ যোৱা দেওবাৰে তেওঁ দিল্লীৰ এইমছ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে৷