দিচাংমুখঃ একালৰ আহোম ৰজাৰ ৰাজধানী এতিয়া অৱহেলিত৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাক ৰাজ্য চৰকাৰ শিৱসাগৰ জিলা প্ৰশাসনে অৱহেলা কৰাৰ অভিোগ নতুন নহয়৷ ৬০০ বছৰীয়া আহোমৰ ৰাজত্ব কালৰ স্মৃতি সমূহ কৰবাত যদি পানীত ডুব যায় আন কৰবাত দেৱাল খহি পৰে। চকুৰ সন্মুখতে ধ্বংসৰ দিশে আহোম ৰজাৰ ৰাজধানী৷
এনে বিড়ম্বনাৰ মাজেৰে অসমীয়া জাতিৰ আগবাঢ়ি গৈছে৷ ৰাজ্যৰ ঐতিহাসিক সমলেৰে পুষ্ট চহৰ বুলি কলে শিৱসাগৰ জিলাৰ নামেই মনলৈ আহে৷ শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷ আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাসমূহত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।