www.newsnextone.com।শিৱসাগৰ: শিৱসাগৰত দহ দফীয়া দাবী পূৰণৰ সমৰ্থনত অনুসূচিত জাতি ছাত্ৰ সন্থাই গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ বৰ্ডিং খেল পথাৰৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰে সদৌ শিৱসাগৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই।অনুসূচিত জাতিৰ ওপৰত চৰকাৰৰ শোষণ আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাজপথলৈ উলাই আহি অনুসূচিত জাতি ছাত্র সন্থাই নাগৰিক সংশোধনী বিধায়ক বাতিল, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান, অনুসূচিত জাতিৰ ৰাজ্যিক আয়োগ গঠন,অনুসূচিত জাতিৰ ভূমিহীন লোকক ভূমি প্ৰদান, ইত্যাদিৰ দাবীৰ সমৰ্থনত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰি এই সমূহৰ পূৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।