বালিপৰাঃ ১৮৫৫-৫৬ চনত বৃটিছসকলৰ শোষণৰ পৰা ভাৰতবাসীক মুক্ত কৰাৰ বাবে দুই ভাতৃ চিদু মুৰ্মূ আৰু কানুহু মুৰ্মূয়ে হাতত অস্ত্ৰ তুলি লৈছিল৷ দুই ভাতৃ চিদু মুৰ্মূ আৰু কানুহু মুৰ্মূৰ আহ্বান মৰ্মে ১৮৫৫ চনৰ ৩০ জুনত ঝাৰখণ্ডৰ ভাগনাদিহি পাঁচ কাঠিয়া গাঁৱৰ প্ৰায় দহ হাজাৰ চাঁওতাল সমবেত হৈ বিদেশী শাসন ওফৰাই পেলোৱাৰ উদ্দ্যেশ্যে ৭ জুলাইৰ পৰা সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল।
এই সশস্ত্ৰ সংগ্ৰামত ইংৰাজৰ বন্দুক-বাৰুদৰ বিৰুদ্ধে ব্যৱহাৰ হৈছিল ধনু কাৰ৷ ইংৰাজৰ অস্ত্ৰৰ সন্মুখত ধনু কাৰেৰে টিকি থকাতো আছিল অতি কষ্টকৰ। ইয়াৰ মাজতো এনেকৈয়ে ৮ মাহ ধৰি সংগ্ৰাম চলাৰ অন্তত ১৮৫৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত আন্দোলনৰ গুৰি ধৰোতা দুই ভাতৃ চিদু মুৰ্মু আৰু কানুহু মুৰ্মূক ইংৰাজে মৃত্যুদণ্ডৰে দণ্ডিত কৰি আন্দোলন মষিমূৰ কৰে। অৱশেষত ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰে।