newsnextone.com | খেৰণিঃ ২১ শতিকাত মোবাইলৰ টাৱাৰ বহুওৱাৰ দাবীত গণ স্বাক্ষৰ সংগ্ৰহ কৰিব লগীয়া হোৱাৰ ঘটনাই ডিজিটেল ইণ্ডিয়াত লজ্জাৰ বিষয় হৈ পৰিছে। বছৰ বছৰ ধৰি টাৱাৰ বহুওৱাৰ দাবী জনাই অহাৰ পিছতোঁ চৰকাৰী আৰু ব্য়ক্তিগত মোবাইল সেৱা কোম্পানীয়ে গুৰুত্ব প্ৰদান নকৰাত অৱশেষত পুৰুষ-মহিলাই গণ স্বাক্ষৰ সংগ্ৰহ কৰি চৰকাৰক প্ৰেৰণ কৰিব আৰু মোবাইল টাৱাৰ স্থাপনৰ দাবী জনাব।

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয় জয়কাৰৰ সময়তে পশ্চিম কাৰ্বি আংলঙবাসীয়ে গণ স্বাক্ষৰ সংগ্ৰহ কৰিবলগীয়া হৈছে মোবাইলৰ টাৱাৰ স্থাপনৰ দাবীত। দুৰ্গম পাহাৰীয়া অঞ্চলবাসীয়ে যোগাযোগৰ নামত এক ভয়াবহ পৰিবেশৰ সন্মুখীন হৈছে।

একবিংশ শতিকাত মানুহে সমগ্ৰ বিশ্বখনকে এখন গাঁৱত পৰিণত কৰিছে। কিন্তু এই সুবিধাৰ পৰা শতযোজন দূৰত পশ্চিম কাৰ্বি আংলংবাসী। এতিয়াও আদিম মানুহৰ দৰে জীৱন নিৰ্বাহ কৰি অহা পৰিলক্ষিত হৈছে। পৰিৱৰ্তনকামী চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল ইণ্ডিয়া নিৰ্মাণৰ কথা কৈ আহিছে। 

সব কা সাঁথ, সব কা বিকাশৰ শ্ল'গানো দি আহিছে, কিন্তু পৰিষদিয় ২ নং আমৰি সমষ্টিত আৰু ৩নং চিংথং সমষ্টিত বিভিন্ন উন্নয়নমূলক আঁচনি লাভ নকৰাৰ লগতে ছ'চিয়েল মিডিয়াৰ ক্ৰান্তিৰ সময়ত যোগাযোগৰ মাধ্যম মোবাইল টাৱাৰ স্থাপন হোৱা নাই। আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও নিৰ্বাচনৰ সময়ত মোবাইল টাৱাৰ স্থাপনৰ আশ্বাস দি গৈছিল অঞ্চলবাসীক। কিন্তু সেই আশ্বাস, আশ্বাস হৈয়ে ৰল।

কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী চৰকাৰেও এতিয়ালৈকে পাহাৰীয়া অঞ্চলত বিশেষ উনয়নমূলক আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হোৱা নাই। তেনে পৰিপ্ৰেক্ষিতত শীঘ্ৰে পৰিষদৰ আমৰি, চিংথং সমষ্টিত মোবাইল টাৱাৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক প্ৰকাৰ গণতান্ত্ৰিক ভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে।

আমৰি, চিংথং সমষ্টিৰ ৰাইজে টাৱাৰ স্থাপনৰ দাবী জনাই গণ স্বাক্ষৰ সংগ্ৰহ কৰিছে। ৰাইজে টাৱাৰৰ অভাৱত সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে হেলপিং হেণ্ড ছোচাইটি নামৰ সংগঠনে পৰিষদিয় সমষ্টিত টাৱাৰ স্থাপন কৰাৰ দাবীত গাঁৱে গাঁৱে গণ স্বাক্ষৰ সংগ্ৰহ অভিযান চলাইছে। এতিয়া প্ৰশ্ন হৈছে যে ৰাজ্য চৰকাৰৰ কিম্বা কাৰ্বি পৰিষদীয় তুলিৰাম ৰংহাং নেতৃত্বাধীন গেৰুৱা চৰকাৰে আমৰি, চিংথং সমষ্টিৰ ৰাইজৰ দাবীৰ সন্মান প্ৰদৰ্শন কৰিব নে নাই?