শিৱসাগাৰঃ উজনিৰ ৰাজপথত জ্বলিল বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিকৃতি৷ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া গৰিয়া, মৰিয়াসকলক বাংলাদেশীৰ সৈতে একাকাৰ কৰি সকলো মুছলমানে অসমত মুছলিম ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা কৰা বুলি কোৱাত উজনিৰ মুছলমান জাঙুৰ খাই উঠিছে উজনিৰ খিলঞ্জীয়া ইছলামধৰ্মী৷
উজনি অসম মুছলিম কল্যান পৰিষদৰ শিৱসাগৰ জিলা সিমিতিয়ে বিজেপি বিধায়কগৰাকীৰ মঙলবাৰে শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত শিলাদিত্যদেৱৰ পুত্তলিহা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শিলাদিত্য মুৰ্দাবাদ, বিজেপি হায় হায়, শিলাদিত্য বিজেপিৰ পৰা বহিস্কাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷